logo

সোণাৰিত সংগীত চিকিৎসা আৰু কণ্ঠ উৎকৰ্ষ সাধনৰ কৰ্মশালা সম্পন্ন।

সোণাৰি: মৰাণৰ এখন অগ্ৰণী সংগীত শিক্ষানুষ্ঠান 'ৰং এণ্ড ৰিদম' আৰু সোণাৰি জুনিয়ৰ কলেজৰ উদ্যোগত ২০ আৰু ২১ এপ্ৰিল ২০২৪ তাৰিখে সোণাৰি জুনিয়ৰ কলেজৰ প্ৰাঙ্গনত প্ৰথম বাৰৰ বাবে সোণাৰি ত 'সংগীত চিকিৎসা আৰু কণ্ঠ উৎকৰ্ষ কৌশল কৰ্মশালা ' সম্পন্ন কৰা হয় । প্ৰায় একুৰি অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত আছিল মোম্বাইত প্ৰতিষ্ঠিত দুগৰাকী অসম সন্তান বিশিষ্ট সংগীত চিকিৎসক তথা কণ্ঠশিল্পী অনুভূতি কাকতি গোস্বামী আৰু 'বজৰংগী ভাইজান' কামাণ্ডো -২' বৰ্ফি, আদি বহুতো জনপ্ৰিয় হিন্দী কথাছবিৰ সংগীত ব্যৱস্থাপক ইমন সেউজ গোস্বামী। সংগীত চিকিৎসক গৰাকীয়ে কয় যে 'সংগীতে কেৱল আমাক মনোৰঞ্জন দিয়াই নহয় সংগীত চৰ্চাৰ তথা সংগীতৰ জড়িয়তে ব্যক্তিত্ব বিকাশ লগতে মানসিক উৎকৰ্ষ সাধন তথা বহুতো ৰোগ নিৰাময়ৰ কৰিব পাৰি' ৰং এণ্ড ৰিদম' সঞ্চালক ড০ শুভজ্যোতি মহনে আঁতধৰা প্ৰথমদিনাৰ কাৰ্যসূচীত এগছি বন্তি প্ৰজ্বলনে অনুষ্ঠানটো শুভাৰম্ভ কৰে সোণাৰি জুনিয়ৰ কলেজৰ অধ্যক্ষা ৰশ্মিৰেখা মহনে । প্ৰবক্তা তথা সংগীত শিল্পী অপূৰ্ব জ্যোতি মহনে আঁতধৰা দ্বিতীয় দিনা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সোণাৰি পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা সমাজসেৱক মনি গগৈ, সোণাৰি জুনিয়ৰ কলেজৰ অধ্যক্ষা ৰশ্মিৰেখা মহন, প্ৰশাসনিক পৰিচালক বিপ্লৱ জ্যোতি ৰাজখোৱা আৰু ৰং এণ্ড ৰিদম' সঞ্চালক ড০ শুভজ্যোতি মহন । প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান তথা জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটো সামৰণি পৰে।

10
2270 views